September 25, 2026 7:36 PM | Banda matarm

printer

ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ পূর্তি উপলক্ষে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশেষ কাৰ্যসূচী

ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ পূর্তি উপলক্ষে দেশজুৰি গ্ৰহণ কৰা কাৰ্যসূচীৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি বিশেষ কার্যসূচী অনুষ্ঠিত হয়। শিশু শিক্ষা সমিতি অসমৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্ৰাক্তন ভাৰতীয় সেনাপ্রধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অংশগ্ৰহণ কৰে। শ্ৰী দ্বিবেদীয়ে তেওঁৰ ভাষণত বন্দে মাতমে কিদৰে নৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰ প্ৰেমৰ ভাৱনাক জগাই তোলে এই বিষয়ে উল্লেখ কৰে ৷

এই অনুষ্ঠানত প্ৰায় এহেজাৰ ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বন্দে মাতৰম গীত পৰিবেশন কৰে। উল্লেখযোগ্য যে আজি দেশজুৰি ২৫ হাজাৰৰো অধিক স্থানত বন্দে মাতৰম পৰিৱেশন কৰা হয়।

শ্রীভূমি চহৰৰ সৰস্বতী বিদ্যা নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে আজি বন্দে মাতৰম সমৱেত কণ্ঠত পৰিৱেশন কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পণ্ঠ, প্রাক্তন সাংসদ মিছন ৰঞ্জন দাসসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চিৰাং জিলাৰ বিজনীতো আজি এই উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। অখিল ভাৰতীয় শিক্ষা সংস্থা বিদ্যা ভাৰতীৰ উদ্যোগত আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সহযোগত বিজনী জিলা ক্রীড়া সন্থাৰ খেলপথাৰত বন্দে মাতৰম পৰিৱেশন কৰা হয়। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰাৰ লগতে জাতীয় ঐক্য আৰু সংহতিৰ প্ৰতীক শ্ৰদ্ধাৰ বাৰ্তা সমাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হয়।