ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত নিৰ্বাচিত নাৰ্ছসকলক তেওঁলোকৰ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৭৩ চনত এই বঁটা প্ৰৱৰ্তন কৰিছিল। ৰোগীসকলৰ প্ৰতি সেৱা আগবঢ়োৱা নাৰ্ছিং বৃত্তি তথা নাৰ্ছসকলৰ উৎসৰ্গিত মনোবৃত্তিৰ প্ৰতি স্বীকৃতি প্ৰদানৰ লক্ষ্যৰে এই বঁটা আগবঢ়াই অহা হৈছে।
Assamese | September 11, 2024 2:47 PM | Droupadi Murmu
ৰাষ্ট্ৰপতি ভৱনত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল বঁটা প্ৰদান