ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ কৰ্ণাটকাৰ কাৰৱাৰত থকা আই এন এছ কদম্বা নৌসেনা ঘাটিলৈ যাব। শ্ৰীমতী মুমুৱে বিমানেৰে গোৱাৰ পৰা কৰৱাৰলৈ যাব। কাৰৱাৰত কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচান্দ গেহলট ৰাজ্যখনৰ মন্ত্ৰীসকলে শ্ৰীমতী মুৰ্মুক আদৰণি জনাব। নৌসেনাৰ ঘাটিত উপস্থিত হোৱাৰ পাছত শ্ৰীমতী মুৰ্মুৱে কাৰৱাৰ বন্দৰত এখন ছাবমেৰিনত কিছুসময়ৰ বাবে যাত্ৰা কৰিব। প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পাছত ছাবমেৰিনত যাত্ৰা কৰা শ্ৰীমতী মুৰ্মু হ’ব দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিৰ ভ্ৰমণ আৰু ছাবমেৰিণ যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ প্ৰতিৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্থানীয় প্রশাসনে কাৰৱাৰৰ পৰা মাজালীলৈকে ১৮ কিলোমিটাৰ দূৰত্বৰ ভিতৰত মাছ ধৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।
Assamese | December 27, 2025 8:36 PM | Akashvani | Akashvani News | Droupadi Murmu | President of india
ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ কৰ্ণাটকাৰ কাৰৱাৰত থকা আই এন এছ কদম্বা নৌসেনা ঘাটিলৈ যাব