■ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, ভি চি ডি চি সমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্যবান অসম গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখগহ্বৰৰ কৰ্কট ৰোগ আৰু মানসিক স্বাস্থ্য পৰীক্ষা কৰা হ’ব। যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল চে’ল ৰোগৰ পৰীক্ষাৰ লগতে চকুৰ যতন, নাক-কাণ, দাঁত আৰু শ্ৰৱন শক্তিৰ পৰীক্ষা কৰা হ’ব। লগতে বিনামূলীয়াকৈ ৰোগ নিৰ্ণায়ক পৰীক্ষা, ঔষধ, টেলিফোনযোগে ৰোগ বিষয়ক পৰামৰ্শ, স্বাস্থ্য পৰীক্ষা, আভা, আয়ুষ্মান ভাৰত কাৰ্ড, যোগাসন, ধ্যান আৰু পুষ্টি সম্বন্ধীয় পৰামৰ্শ আগবঢ়োৱা হ’ব। ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিকে ওচৰৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰলৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অনুৰোধ জনাইছে।
Assamese | April 1, 2025 12:53 PM | Akashvani Guwahati | Assam Govt | National Health Mission | nhm
ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন