July 31, 2026 11:55 AM

views 25

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ জৰুৰীকালীন স্বাস্থ্য সেৱা তীব্ৰতৰ

বান প্রভাৱিত জিলাসমূহত আবদ্ধ পানী আৰু অস্বাস্থ্যকৰ পৰিবেশৰ বাবে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ আশংকা বৃদ্ধি পোৱাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জৰুৰীকালীন স্বাস্থ্য সেৱা তীব্ৰতৰ কৰি তুলিছে। জিলা প্ৰশাসনসমূহৰ সহযোগত বিভিন্ন স্থানত স্বাস্থ্য শিবিৰ, বিনামূলীয়া ঔষধ বিতৰণ আৰু প্ৰাথমিক চিকিৎসা সেৱা অব্যাহত ৰখা হৈছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপীড়িত অঞ্চলসমূহত স্বাস্থ্যকৰ্মীসকলে গাঁৱে গাঁৱে গৈ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় ঔষধ যোগান ধৰিছে।

April 1, 2025 12:53 PM

views 101

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, ভি চি ডি চি সমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্যবান অসম গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখগহ্বৰৰ কৰ্কট ৰোগ আৰু মানসিক স্বাস্থ্য পৰীক্ষা কৰা হ'ব। যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল চে'ল ৰোগৰ পৰীক্ষাৰ লগতে চকুৰ যতন, নাক-কাণ, দাঁত আৰু শ্ৰৱন শক্তিৰ পৰীক্ষা কৰা হ'ব। ...

September 6, 2024 1:33 PM

views 93

ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন

অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন কৰিছে। প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ দেশজুৰি এই পষেক পালন কৰা হয়। এই উপলক্ষে নেত্ৰদানৰ দৰে মহান কৰ্মত অংশীদাৰ হ'বলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে আগ্ৰহীসকলক নেত্র দানৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়কে ধৰি কেইবাখনো চকু চিকিৎ‍সালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।