September 6, 2024 1:33 PM | National Health Mission

printer

ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন

অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৰাষ্ট্ৰীয় নেত্ৰদান পষেক পালন কৰিছে। প্ৰতি বছৰে ২৫ আগষ্টৰ পৰা ৮ ছেপ্তেম্বৰলৈ দেশজুৰি এই পষেক পালন কৰা হয়। এই উপলক্ষে নেত্ৰদানৰ দৰে মহান কৰ্মত অংশীদাৰ হ’বলৈ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে আগ্ৰহীসকলক নেত্র দানৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়কে ধৰি কেইবাখনো চকু চিকিৎ‍সালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।