December 10, 2025 11:32 AM

views 68

ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰা শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কালি এটা নির্দেশ যোগে এই নিযুক্তি প্ৰদান কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পূৰ্বৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী চিকিৎসা শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰূপে নিযুক্তি দিয়াৰ পাছত তেওঁৰ স্থানত ডাঃ শৰ্মাক নিযুক্তি দিয়া হৈছে। অহা ১৫ ডিচেম্বৰত ডাঃ ...

April 1, 2025 12:53 PM

views 101

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, ভি চি ডি চি সমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্যবান অসম গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখগহ্বৰৰ কৰ্কট ৰোগ আৰু মানসিক স্বাস্থ্য পৰীক্ষা কৰা হ'ব। যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল চে'ল ৰোগৰ পৰীক্ষাৰ লগতে চকুৰ যতন, নাক-কাণ, দাঁত আৰু শ্ৰৱন শক্তিৰ পৰীক্ষা কৰা হ'ব। ...

March 4, 2025 7:54 PM

views 67

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্রদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সম কাম-সম বেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত তিনিদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিৱসাগৰ জিলাৰ এহেজাৰৰো অধিক এন এইচ এমৰ স্বাস্থ্যকর্মীয়ে ৰাজ্য চৰকাৰে চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। কৰ্ম বিৰতিৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিলে ৰাজপথত গণতান্ত্রিক আন্দোলন কৰা হ'ব বুলি সদৌ অসম এন এইচ এ...