গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰূপে কাৰ্যনিৰ্বাহ কৰা শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কালি এটা নির্দেশ যোগে এই নিযুক্তি প্ৰদান কৰে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পূৰ্বৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী চিকিৎসা শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰূপে নিযুক্তি দিয়াৰ পাছত তেওঁৰ স্থানত ডাঃ শৰ্মাক নিযুক্তি দিয়া হৈছে। অহা ১৫ ডিচেম্বৰত ডাঃ শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰিব।
Assamese | December 10, 2025 11:32 AM | Akashvani Guwahati | Akashvani News | nhm
ডাঃ অভিজিৎ শৰ্মাক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নতুন কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি