ৰাজ্য চৰকাৰে শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাত নিযুক্তি দিয়া ৩৩১ জন স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক আজি তেওঁলোকে নিযুক্তি পোৱা বিদ্যালয়সমূহ নিৰ্দিষ্ট কৰি দিয়ে। দিছপুৰ লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত অনুষ্ঠানত জিলাৰ আয়ুক্ত সুমিত ছাত্তাৱনে আনুষ্ঠানিকভাৱে নৱ নিযুক্ত শিক্ষকসকলক বিদ্যালয় আৱণ্টন পত্ৰ প্ৰদান কৰে। কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষা আঁচনিৰ বিষয়া তাপসী শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত জিলাৰ অতিৰিক্ত আয়ুক্ত কেচিও কৰন পেগু, বিদ্যালয়সমূহৰ পৰিদৰ্শক, সহ পৰিদৰ্শক, জিলা আঁচনি বিষয়া, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থাৰ বিষয়ববীয়াসকল, জিলা অধিবিদ্যা পৰিষদৰ সভাপতি, সম্পাদক আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কলা শাখাত ১৩০ জন স্নাতক শিক্ষক, ১৬ জন হিন্দী শিক্ষক, দুজন সংস্কৃত শিক্ষক, ৭৩ জন বিজ্ঞান শিক্ষক আৰু ১২ জন স্নাতকোত্তৰ শিক্ষকক বিদ্যালয় আৱণ্টনৰ পত্ৰ প্ৰদান কৰা হয়।
Assamese | December 22, 2025 9:59 PM | Akashvani | Akashvani Guwahati | Akashvani News | Assam Education
ৰাজ্য চৰকাৰে শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাত নিযুক্তি দিয়া ৩৩১ জন স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক বিদ্যালয়সমূহ নিৰ্দিষ্ট কৰি দিয়ে