ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱাৰে পৰা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হৈছে। অৱশ্যে এইবাৰ সৰস্বতী পূজাৰ তিথি দুদিনীয়া হোৱাৰ বাবে কোনো কোনো অঞ্চলত কালি সৰস্বতী পূজা পালন কৰা হয়। অৱশ্যে ৰাজ্যৰ বেছি সংখ্যক শিক্ষানুষ্ঠানত আজি উলহ-মালহেৰে ধৰ্মীয় ৰীতি-নীতিৰে সৰস্বতী পূজা উদযাপন কৰা হৈছে। সৰস্বতী পূজা উপলক্ষে আজি ছাত্র-ছাত্রীসকলে নানাৰঙী সাজ-পোছাক পৰিধান কৰি দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান প্রতিষ্ঠান আদিত পূজা উপলক্ষে মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সৰস্বতী পূজা উপলক্ষে বাগ দেৱী আই সৰস্বতীৰ আশীষেৰে শিক্ষাৰ্থী তথা আটাইকে জ্ঞান আৰু প্ৰজ্ঞাৰে শক্তিৱন্ত কৰি তোলাৰ লগতে সমাজৰ অজ্ঞান আন্ধাৰ নাশিবলৈ বীণাপানিয়ে সকলোৰে জীৱন জ্ঞানৰ পোহৰেৰে উদ্ভাসিত কৰাৰ আশা কৰি জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
Assamese | February 3, 2025 6:26 PM | Saraswati Puja
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা