ৰাজ্যৰ বিভিন্ন চহৰত চলিত বৰ্ষত আয়োজন কৰিবলগীয়া গ্ৰন্থ মেলাৰ প্ৰথমখন সময়সূচী ঘোষণা

অসম প্ৰকাশন পৰিষদে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত চলিত বৰ্ষত আয়োজন কৰিবলগীয়া গ্ৰন্থ মেলাৰ প্ৰথমখন সময়সূচী ঘোষণা কৰিছে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি অহা ১৩ৰ পৰা ২২ নৱেম্বৰলৈ যোৰহাট জিলা ক্রীড়া সন্থাৰ খেলপথাৰত ১০-দিনীয়াকৈ অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হ’ব। ইপিনে, খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ ১৪-দিনীয়া কাৰ্যসূচীৰে অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হ’ব। পূৰ্বৰ দৰেই এইবাৰৰ গ্ৰন্থমেলাত নবীন-প্রবীণ পঢ়ুৱৈসকলক সাহিত্য চৰ্চাৰ বাবে আগ্ৰহী কৰি তুলিব পৰাকৈ বিভিন্ন পৰিকল্পনা কৰা হৈছে বুলি শ্রীকলিতাই জানিবলৈ দিয়ে। ইতিমধ্যে গ্ৰন্থমেলালৈ আমন্ত্ৰণৰ বাবে দেশৰ কেইবাগৰাকীও বিশিষ্ট লেখক-সাহিত্যিকৰ সৈতে যোগাযোগ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

ৰাজ্যৰ অন্যান্য স্থানত আয়োজন কৰিবলগীয়া গ্ৰন্থমেলাৰ সময়সূচী পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি সচিবগৰাকীয়ে প্ৰকাশ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।