September 3, 2026 7:51 PM

views 10

ৰাজ্যৰ বিভিন্ন চহৰত চলিত বৰ্ষত আয়োজন কৰিবলগীয়া গ্ৰন্থ মেলাৰ প্ৰথমখন সময়সূচী ঘোষণা

অসম প্ৰকাশন পৰিষদে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন চহৰত চলিত বৰ্ষত আয়োজন কৰিবলগীয়া গ্ৰন্থ মেলাৰ প্ৰথমখন সময়সূচী ঘোষণা কৰিছে। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জনোৱা অনুসৰি অহা ১৩ৰ পৰা ২২ নৱেম্বৰলৈ যোৰহাট জিলা ক্রীড়া সন্থাৰ খেলপথাৰত ১০-দিনীয়াকৈ অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হ'ব। ইপিনে, খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ ১৪-দিনীয়া কাৰ্যসূচীৰে অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হ'ব। পূৰ্বৰ দৰেই এইবাৰৰ গ্ৰন্থমেলাত নবীন-প্রবীণ পঢ়ুৱৈসকলক সাহিত্য চৰ্...

August 13, 2025 1:02 PM

views 172

অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম প্ৰকাশন পৰিষদৰ কার্যালয় সভাকক্ষত কালি অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই এই কথা প্ৰকাশ কৰে। সেইমৰ্মে ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ বঙাইগাওঁ, ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লখিমপুৰ, ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ নলবাৰী, ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ যোৰহাট, ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰল...

July 11, 2025 8:05 PM

views 55

গুৱাহাটী শিশু মহোৎসৱৰ দ্বিতীয় দিনা শিশুৰ উলহ-মালহ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ আজি দ্বিতীয় দিনা ডেৰ শতাধিক শিশুৱে নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীৰ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক ৰবিজিতা গগৈ আৰু নাট্য শিল্পী ৰাজীৱ কুমাৰ সাউদে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। মুকাভিনয়ৰ কৰ্মশালাত বিশিষ্ট শিল্পী মইনুল হক আৰু তেওঁৰ সহযোগী ৰাহিল ৰিজুয়ে প্ৰশিক্ষণ প্ৰদান কৰে। সুকুমাৰ কলাৰ কৰ্মশালাত দেৱকান্ত হাজৰিকা আৰু দিগন্ত...

July 5, 2025 12:35 PM

views 92

অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ

■ অসম প্ৰকাশন পৰিষদে ৰাজ্যৰ সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰৰ প্ৰসাৰ তথা প্ৰচাৰৰ উদ্দেশ্যে গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ কৰিছে। অসমীয়া, বাংলা, বড়ো আৰু ৰাজ্যৰ আদিবাসী ভাষাসমূহৰ বচা বচা ২২টা বিষয়ত পাণ্ডুলিপি প্রস্তুত কৰিবলৈ লেখকসকলে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ অহা ৩১ জুলাই ধাৰ্য কৰা হৈছে। বচা বচা লেখকসকলক ৫০ৰ পৰা ৭৫ হাজাৰ টকালৈকে আর্থিক অনুদান প্ৰদান কৰা হ'ব।

May 2, 2025 6:58 PM

views 52

অসম প্ৰকাশন পৰিষদৰ ৬৭ সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অসম প্ৰকাশন পৰিষদৰ আজি ৬৭ সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ চহকী তথা সম্ভ্ৰান্ত অনুষ্ঠানটিৰ প্ৰতিষ্ঠাৰ আঁৰত থকা বৰেণ্য লোকসকলৰ অৱদানক স্মৰণ কৰে। মুখ্যমন্ত্ৰীয়ে পৰিষদৰ বিষয়া-কৰ্মচাৰী তথা পঢ়ুৱৈ সমাজলৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। বিভিন্ন ঘটনাক্ৰমৰ মাজেদি সাতটা দশক অতিক্ৰম কৰিবলৈ আগবঢ়া পৰিষদে অসমৰ সাহিত্য, সমাজ, সাংস্কৃতিক ঐতিহ্যক ধৰি ৰখা বহু মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছে। পৰিষদে সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে গ...