ৰাজ্যৰ নৱ নিযুক্ত মন্ত্রীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অর্পন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ টেলীক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজী, চৰণ বড়োক কোকৰাঝাৰ, বাক্সা, চিৰাং, অজন্তা নেওগক মৰিগাওঁ, কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাওঁ আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে।
একেদৰে অশোক সিংহলক দৰং, ধুবুৰী, বিমল বৰাক শিৱসাগৰ, চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী, শোণিতপুৰ, জয়ন্ত মল্ল বৰুৱাক তামুলপুৰ, গোৱালপাৰা আৰু কৌশিক ৰায়ক শ্রীভূমি তথা হাইলাকান্দি জিলাৰ দায়িত্ব দিয়া হৈছে।
ইপিনে, মন্ত্রী কেশৱ মহন্তক দক্ষিণ শালমাৰা মানকাচৰ আৰু উত্তৰ লখিমপুৰ, কৃষ্ণেন্দু পালক ডিমা হাচাও, কাচাৰ, নিলীমা দেৱীক বজালী, ওদালগুৰি, পিযুষ হাজৰিকাক নগাওঁ, হোজাই, কার্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডাঃ ৰণোজ পেণ্ডক বিশ্বনাথ, গোলাঘাট আৰু সুশান্ত বৰগোঁহাইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অর্পন কৰা হৈছে। মন্ত্রীসকলে সংশ্লিষ্ট জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ যাত্ৰাক অধিক গতিশীল কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।