June 7, 2026 6:26 PM
14
ৰাজ্যৰ নৱ নিযুক্ত মন্ত্রীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অর্পন
ৰাজ্যৰ নৱ নিযুক্ত মন্ত্রীসকলক জিলাসমূহৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অর্পন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। এই অনুসৰি ৰামেশ্বৰ টেলীক তিনিচুকীয়া আৰু যোৰহাট, অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজী, চৰণ বড়োক কোকৰাঝাৰ, বাক্সা, চিৰাং, অজন্তা নেওগক মৰিগাওঁ, কামৰূপ আৰু অশ্বিনী ৰায় চৰকাৰক বঙাইগাওঁ আৰু বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। একেদৰে অশোক সিংহলক দৰং, ধুবুৰী, বিমল বৰাক শিৱসাগৰ, চৰাইদেউ, বিশ্বজিৎ দৈমাৰীক নলবাৰী, শোণিতপুৰ, জয়ন্ত মল্ল ব...