সেৱা সেতু অভিযানৰ অংশহিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ পাঁচোটা উন্নয়ন খণ্ডত বিশেষ সেৱা শিৱিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা ১০ বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ পি এমশ্রী আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিৱিৰ অনুষ্ঠিত হৈছে।
শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰেছ বিজ্ঞপ্তিত প্রকাশ পাইছে।
সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলীয়াজান বিধানসভা সমষ্টিৰ ভাদৈ মণ্ডলত বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰা হৈছে। এই শিৱিৰত অঞ্চলটোৰ লোকসকলো বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে ঔষধৰ যোগান ধৰা হৈছে।
একেদৰে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত সেৱা সেতু অভিযানৰ অধীনত অহা ৬, ৮ আৰু ৯ অক্টোবৰত সেৱা শিবিৰ অনুষ্ঠিত কৰা হ’ব। এই শিৱিৰসমূহ পৰিচালনাৰ বাবে খণ্ড উন্নয়ন বিষয়া, দণ্ডাধীশ আৰু নোডেল বিষয়াক দায়িত্ব অর্পণ কৰা হৈছে।
দক্ষিণ শালমাৰাৰ মানকাচাৰতো ৬ আৰু ৮ অক্টোবৰত সেৱা সেতু অভিযানক অধীনত নাগৰিক সেৱা শিৱিৰ অনুষ্ঠিত হ’ব। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই শিৱিৰসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তই সংবাদমেল যোগে বিতং তথ্য প্রকাশ কৰিছে।