October 4, 2026 12:20 PM
6
ৰাজ্যৰ কেইবাখনো জিলাত বিশেষ সেৱা শিৱিৰৰ আয়োজন
সেৱা সেতু অভিযানৰ অংশহিচাপে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ পাঁচোটা উন্নয়ন খণ্ডত বিশেষ সেৱা শিৱিৰৰ আয়োজন কৰা হৈছে। অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি পুৱা ১০ বজাৰ পৰা আমগুৰি উন্নয়ন খণ্ডৰ পি এমশ্রী আমগুৰি হালোৱাটিং মজদুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিৱিৰ অনুষ্ঠিত হৈছে। শিবিৰত বিভিন্ন চৰকাৰী সেৱা, জনকল্যাণমূলক আঁচনিৰ সুবিধা, আবেদন পঞ্জীয়ন আৰু নথি পৰীক্ষণৰ সুবিধা ৰাইজক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিত প্রকাশ পাইছে। সেৱা সেতু অভিযানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত দুলীয়াজ...