■ ৰাজ্যসভাত আজি বিৰোধী পক্ষৰ সদস্যসকলে দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত ইন্দিগ’ৰ বিমানসেৱা বাতিল সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ প্রমোদ তিৱাৰীয়ে এই সম্পৰ্কত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই ব্যক্তিগত বিমানসেৱাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে। ইপিনে, ৰাজ্যসভাৰ প্ৰশ্নকালত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’ললাইনৰ নিৰ্মাণকাৰ্য, সুৰক্ষা আদি সন্দৰ্ভত কেইবাগৰাকীও সদস্যই উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিয়ে। অসমৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অসমত এতিয়াও জলজীৱন অভিযান সঠিকভাৱে ৰূপায়ণ হোৱা নাই বুলি উল্লেখ কৰি ৰাজ্যখনৰ বাবে পুঁজি মুকলি কৰি দিব নোৱাৰা এনে দ্বৈত ইঞ্জিনৰ চৰকাৰৰ স্থিতি সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে।
Assamese | December 5, 2025 4:33 PM | Akashvani | Akashvani News | Parliament Session | Rajyasabha
ৰাজ্যসভাত বিমানবন্দৰসমূহত ইন্দিগ’ৰ বিমানসেৱা বাতিল সন্দৰ্ভত প্রশ্ন বিৰোধী সদস্যসকলৰ