বিগত ২-৩ দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান প্রভাৱিত জিলাৰ সংখ্যা পুনৰ ১৪ লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্রাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্রতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, কাৰ্বি আংলং, দৰং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত ৩৮টা ৰাজহ চক্ৰৰ ৫৬৩ খন গাঁৱৰ ১৬ হাজাৰ ৯৫১ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে ১ লাখ ৬০ হাজাৰৰো অধিক লোক প্রভাবিত হৈছে। কালি পুনৰ ছটা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৫ লৈ বৃদ্ধি পাইছে।
ইপিনে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিশ্বু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্রকট হৈছে। প্রশাসনে জিলাসমূহত সতর্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।
নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ কেন্দ্ৰৰ পৰা অবিৰতভাৱে অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ মেৰাপানী, নুমলীগড় আদি অঞ্চলত বান পৰিস্থিতি অধিক অবনতি ঘটিছে। মেৰাপানী অঞ্চলৰ দৈয়াং নদীৰ দাঁতিকাষৰীয়া কাছমাৰীৰ ইটানগৰ, ধৰমপুৰ আৰু চেনাই চাপৰি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সোমাইছে। গোলাঘাট জিলা প্রশাসনে নদীকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে।
ইফালে, দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নৈৰ বাঢ়নী পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ-অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তর্গত ঔতলা পঞ্চায়তৰ বেংগাবড়া গাঁৱৰ সমীপৰ নোৱা নৈৰ মথাউৰিৰ কালি এটা অংশ চিগি যোৱাৰ ফলত অঞ্চলটোৰ বিস্তীর্ণ অঞ্চল জলমগ্ন হৈ পৰে।