ৰাজ্যত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন : মন্ত্রী জয়ন্ত মল্ল বৰুৱা

ৰাজ্যত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে কিছু হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। বনমন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদ মেলত কয় যে দীর্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত গুৰুত্ব আৰোপ কৰিব লাগিব, বিশেষকৈ হাতীৰ উপযোগী বিচৰণ ভূমি গঢ়ি তোলাত গুৰুত্ব দিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণ ভূমি নির্ধাৰণ কৰি একো একোটা নির্দিষ্ট মণ্ডল চিনাক্ত কৰা হ’ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাবতীয় ব্যবস্থা গ্ৰহণ কৰিব বুলি শ্রীবৰুৱাই জানিবলৈ দিয়ে। হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকৰ ক্ষতিপূৰণ সন্দৰ্ভত বন মন্ত্ৰীগৰাকীয়ে কয় যে হাতীৰ আক্ৰমণত কোনো লোকৰ মৃত্যু হ’লে ৬ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। তদুপৰি, খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীয়ে শস্যপথাৰ নষ্ট কৰিলে এবিঘা মাটিত ৮ হাজাৰ টকাকৈ সাহায্য প্রদানৰ ব্যৱস্থা আছে বুলিও শ্রীমল্লবৰুৱাই জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।