August 22, 2026 2:00 PM

views 20

তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু, কিশোৰ গুৰুতৰভাৱে আহত

তামুলপুৰৰ এন চি আঙাৰাকাটাৰ শিৱপুৰত যোৱানিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে এটি কিশোৰ গুৰুতৰভাৱে আহত হয়। আমাৰ তামুলপুৰৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে বাসগৃহ আৰু গোহালি ভাঙি তহিলং কৰে। হাতীৰ আক্ৰমণৰ পৰা বাচিবলৈ চেষ্টা কৰাৰ সময়ত অঞ্জলি মণ্ডল নামৰ মহিলাগৰাকীয়ে হাতীৰ গচকত প্রাণ হেৰুৱায়। এই আক্ৰমণত গুৰুতৰভাবে আহত ১০ বছৰীয়া শিশুটিক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভর্তি কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে নলবা...

July 15, 2026 7:51 PM

views 17

ৰাজ্যত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে পৰিকল্পনাৰ প্ৰয়োজন : মন্ত্রী জয়ন্ত মল্ল বৰুৱা

ৰাজ্যত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে কিছু হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন বুলি বন আৰু পৰিবেশ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। বনমন্ত্ৰীগৰাকীয়ে আজি এখন সংবাদ মেলত কয় যে দীর্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে বনানীকৰণত গুৰুত্ব আৰোপ কৰিব লাগিব, বিশেষকৈ হাতীৰ উপযোগী বিচৰণ ভূমি গঢ়ি তোলাত গুৰুত্ব দিব লাগিব। হাতীৰ সংখ্যা আৰু ইয়াৰ বিচৰণ ভূমি নির্ধাৰণ কৰি একো একোটা নির্দিষ্ট মণ্ডল চিনাক্ত কৰা হ'ব আৰু এই মণ্ডলসমূহত অভিজ্ঞ লোকৰ সহায়ত স্থানীয় বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ লোকে যাবতীয় ব্যব...