তামুলপুৰৰ এন চি আঙাৰাকাটাৰ শিৱপুৰত যোৱানিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে এটি কিশোৰ গুৰুতৰভাৱে আহত হয়। আমাৰ তামুলপুৰৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা দুটা বনৰীয়া হাতীয়ে বাসগৃহ আৰু গোহালি ভাঙি তহিলং কৰে। হাতীৰ আক্ৰমণৰ পৰা বাচিবলৈ চেষ্টা কৰাৰ সময়ত অঞ্জলি মণ্ডল নামৰ মহিলাগৰাকীয়ে হাতীৰ গচকত প্রাণ হেৰুৱায়। এই আক্ৰমণত গুৰুতৰভাবে আহত ১০ বছৰীয়া শিশুটিক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভর্তি কৰা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। হাতীৰ আক্ৰমণৰ পৰা পৰিয়ালটোৰ আন এজন লোকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। ঘটনাৰ খবৰ পোৱাৰ পাছতে তামুলপুৰৰ বন বিষয়া, কুমাৰীকাটাৰ বনাঞ্চলিক বিষয়াকে ধৰি বন বিভাগ আৰু আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হয়। পাছত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
Assamese | August 22, 2026 2:00 PM | Man-Elephant Conflict
তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু, কিশোৰ গুৰুতৰভাৱে আহত