June 8, 2025 1:03 PM | Malaria at Assam

printer

ৰাজ্যত মেলেৰিয়াত ১১০০ জন লোক আক্ৰান্ত, তিনিজনৰ মৃত্যু

ৰাজ্যত ১১০০ জন লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ লগতে এই ৰোগৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে বি টি আৰৰ পাঁচখন জিলাত মেলেৰিয়াৰ সংক্ৰমণ সর্বাধিক। ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ ৰাজ্যিক কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এপ্ৰিলৰ মাজভাগৰ পৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত মে মাহৰ শেষ ভাগৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত মেলেৰিয়াৰ সংক্ৰমণ বৃদ্ধি পায়। কোকৰাঝাৰ জিলাত সৰ্বাধিক ৮০২ জন লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে। চিৰাং জিলাত ২৬২ জন লোক মেলেৰিয়াত আক্ৰান্ত হৈছে। বাক্সাত ১০ জন আৰু ওদালগুৰি জিলাত ১২ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে তামুলপুৰ জিলাত মেলেৰিয়াত আক্রান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে জুন মাহত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সৰ্বাধিক হয় আৰু ই জুলাইলৈকে থাকে। স্বাস্থ্য বিভাগে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।