ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে উমৈহতীয়া দেৱানী বিধি অসম ২০২৬ বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্রশস্ত হৈছে।
অসম বিধানসভাত যোৱা ২৭মে’ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহু বিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ দৰে বিষয়ত উমৈহতীয়া কাঠামো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে।
আইনখন বলবৎ হ’লে বহুবিবাহ সম্পূৰ্ণ ৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভইন সম্পর্কত থকা সকলৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভইন সম্পর্ক ক্রমে ৬০ আৰু ৩০ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নির্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহ’লে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব।
লিভইন সম্পৰ্ক ৩০ দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে ৩ মাহ পর্যন্ত কাৰাদণ্ড আৰু ১০ হাজাৰ টকা পর্যন্ত জৰিমণা বা দুয়োটাই শাস্তি হ’ব পাৰে। একেদৰে বিধেয়কখনত বহু বিবাহৰ ক্ষেত্ৰত সৰ্বাধিক সাত বছৰৰ কাৰাদণ্ডৰ প্ৰস্তাৱ দিয়া হৈছে। অৱশ্যে ৰাজ্যৰ অনুসূচীত জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানীবিধি পৰিষৰৰ পৰা ৰেহাই দিয়া হৈছে।