October 4, 2026 11:37 AM

views 6

ৰাজ্যত ইউ চি চি ৰূপায়ণৰ পথ প্রশস্ত কৰি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুৰ উমৈহতীয়া দেৱানী বিধি অসম ২০২৬ বিধেয়কত অনুমোদন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে উমৈহতীয়া দেৱানী বিধি অসম ২০২৬ বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ৰাজ্যত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণৰ পথ প্রশস্ত হৈছে। অসম বিধানসভাত যোৱা ২৭মে'ত গৃহীত এই বিধেয়কখনৰ জৰিয়তে ৰাজ্যত বহু বিবাহ নিষিদ্ধ, বিবাহ বিচ্ছেদ, লিভইন সম্পৰ্ক আৰু কন্যা সন্তানক সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ দৰে বিষয়ত উমৈহতীয়া কাঠামো প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে। আইনখন বলবৎ হ'লে বহুবিবাহ সম্পূৰ্ণ ৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভইন সম্পর্কত থকা সকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া ...