ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে ঘোষণা কৰা ৩০ ঘণ্টীয়া ইষ্টাৰ যুদ্ধ বিৰতি ইউক্রেইনে ভংগ কৰা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে অভিযোগ কৰিছে। ইপিনে, ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ জেলেনক্সিয়ে কয়, যে ৰাছিয়াইহে ইউক্রেইনৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাই আহিছে। যুদ্ধ বিৰতি ৩০ দিনলৈ বৃদ্ধি কৰাৰ বাবে জেলনক্সিয়ে আগবঢ়োৱাৰ পূৰ্বৰ প্ৰস্তাৱটো ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ উল্লেখ কৰিছে। উল্লেখযোগ্য যে, ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সংঘাতৰ পাছতো ইষ্টাৰ উপলক্ষে দুই দেশৰ মাজত ভালেসংখ্যক যুদ্ধবন্দী প্রত্যার্পণ কৰা হৈছে।
Assamese | April 20, 2025 8:59 PM | Russia-Ukraine War
ৰাছিয়াৰ ৩০ ঘণ্টীয়া ইষ্টাৰ যুদ্ধ বিৰতি ইউক্রেইনে ভংগ কৰা দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অভিযোগ