ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ান্তোই এইবেলি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী অহা ২৫ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ অক্টোবৰত ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত এয়া হ’ব শ্ৰীছুবিয়ান্তোৰ প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পুংখানুপুংখ পৰ্যালোচনা চলোৱাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক আছে। কৌশলগত অংশীদাৰ হিচাপে ইণ্ডোনেছিয়া ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ ৰূপে বিবেচিত হৈ আহিছে।
Assamese | January 17, 2025 10:19 AM | Republic Day Chief Guest
৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি