২ জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সন্মিলন

অহা ২ জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী ছানায়ে টাকাইচি ১ জুলাইত অসমত উপস্থিত হব। ২ জুলাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে।

এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্রীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীর্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এই সম্মিলনক লৈ ইতিমধ্যে দিল্লীৰ লগতে দিছপুৰতো বিশেষ তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰৰ পৰা এই সন্দৰ্ভত অনুমোদন লাভ কৰাৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁট চৰকাৰে ভাৰত-জাপান আন্তঃৰাষ্ট্ৰীয় মৈত্রী সম্মিলনখন সুচাৰুৰূপে আয়োজন কৰাৰ বাবে ইতিমধ্যে প্রয়োজনীয় পৰিকল্পনা যুগুত কৰিছে। এই লৈ কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই সন্মিলনত প্ৰতিৰক্ষা, বাণিজ্য, অর্থনৈতিক সুৰক্ষা আদি কেইবাটাও বিষয়ত উভয় দেশৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ সম্ভাৱনা আছে।