ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু অহা ২৪ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। তেওঁ ২৪ এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত অংশ ল’ব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাগ ল’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱন চৌহদৰ লোকসেৱা ভৱনত ৰাষ্ট্ৰপতিগৰাকীৰ আসন্ন ভ্ৰমণৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত বৈষ্ণৱ সংস্কৃতিৰ সমাহাৰ প্ৰতিফলিত কৰাৰ লগতে প্ৰতিটো কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে।
Assamese | April 6, 2025 7:54 PM | President Droupadi Murmu Assam Visit
২৪ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু