গৌৰৱোজ্জ্বল মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া প্ৰাথমিক বিদ্যালয় শিক্ষকৰ সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বার্ষিক অধিৱেশনখন অহা ২৩ জুলাইৰ পৰা চাৰিদিনীয়াকৈ হাইলাকান্দিত অনুষ্ঠিত হ’ব। হাইলাকান্দি জিলা প্রাথমিক শিক্ষক সন্মিলনীৰ ব্যৱস্থাপনাত চহৰখনৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনৰ শ্ল’গান হৈছে – ‘শিক্ষাই জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ পথ’ আৰু ‘শিশু শ্রমিক বন্ধ কৰক, শিশুক বিদ্যালয়লৈ পঠিয়াওক’। উল্লেখযোগ্য যে ১৯৪৯ চনৰ ২৩ নৱেম্বৰত অবিভক্ত কাছাৰ জিলাৰ শিলচৰ চহৰত ককা নীলমণি ফুকনৰ সভাপতিত্বত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী গঠন হৈছিল।
Assamese | July 14, 2024 7:53 PM | Assam State LP Teacher Association
২৩ জুলাইৰ পৰা চাৰিদিনীয়াকৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৪ সংখ্যক দ্বি-বার্ষিক অধিৱেশন