ৰাষ্ট্ৰৰ জনসংখ্যাগত লভ্যাংশৰ ব্যৱহাৰ, উদ্ভাৱনক আগুৱাই নিয়া আৰু বহনক্ষম অগ্রগতি নিশ্চিত কৰাৰ বাবে শক্তিশালী স্বাস্থ্যসেৱা আৰু গুণগত শিক্ষা ব্যৱস্থাত বিনিয়োগ অতি প্রয়োজনীয় বুলি কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্রীবাস্তৱে মন্তব্য কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বার্ষিক স্বাস্থ্য সন্মিলনত দিয়া ভাষণত শ্ৰীমতী শ্রীবাস্তৱে কয় যে ভাৰতৰ স্বাস্থ্যসেৱাৰ কাৰ্যসূচীয়ে প্ৰতিজন নাগৰিকৰ বাবে স্বাস্থ্যসেৱাক সুলভ, কমখৰচী আৰু সৰ্বাংগীন কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা খণ্ড অত্যন্ত গুৰুত্বপূর্ণ উপাদান বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীবাস্তৱে লগতে কয় যে ব্যক্তিগত খণ্ডৰ চিকিৎসা প্রতিষ্ঠানসমূহে মূল্য সংযোজিত সেৱাৰ আৰ্হি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সহায়ত বিশেষকৈ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহত স্বাস্থ্যসেৱাৰ পৰিৱৰ্তনত মূল ভূমিকা পালন কৰে। তেওঁ লগতে উদ্যোগপতিসকলক যক্ষ্মা মুক্ত ভাৰত গঢ়িবলৈ চৰকাৰে স্থিৰ কৰা লক্ষ্য পূৰণত অৰিহণা যোগাবলৈ আহ্বান জনায়৷
Assamese | December 19, 2024 5:24 PM | India | Punya-Salila-Srivastava
২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা খণ্ড অত্যন্ত গুৰুত্বপূর্ণ উপাদানঃ কেন্দ্রীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্রীবাস্তৱ