ভাৰতে ২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা উৎপাদন মূল্য সৰ্বকালৰ সৰ্বাধিক বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। বিগত বিত্তীয় বৰ্ষৰ তুলনাত ১৬.৮ শতাংশ বৃদ্ধি হৈ এই মূল্য প্রায় ১ লাখ ২৬ হাজাৰ ৮৮৭ কোটি হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে মেক ইন ইণ্ডিয়া কাৰ্যসূচীয়ে এতিয়া বছৰে প্ৰতি নতুন নতুন মাইলৰ খুটি প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা ৰাজহুৱা উদ্যোগ খণ্ডৰ লগতে অন্যন্য ৰাজহুৱা উদ্যোগ খণ্ডৰ উৎপাদনৰ সৰ্বমুঠ মূল্য আছিল ৭৯.২ শতাংশ। ইপিনে ব্যক্তিগত খণ্ডৰ জৰিয়তে হোৱা উৎপাদনৰ মূল্য আছিল ২০.৮ শতাংশ। শ্রীসিঙে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণ কৰা অনান্য ৰাজহুৱা খণ্ডৰ উদ্যোগ তথা ব্যক্তিগত উদ্যোগসমূহকো ইয়াৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে চৰকাৰ ভাৰতক গোলকীয় প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ মূল কেন্দ্ৰ হিচাপে বিকশাই তোলাৰ ক্ষেত্ৰত অনুকূল পৰিবেশ গঢ়ি তোলাৰ বাবে প্রতিশ্রুতিবদ্ধ। মন্ত্রালয়ে লগতে কয় যে নীতি নিয়মসমূহৰ সংস্কাৰ আৰু ব্যৱসায়ৰ সূচলতাৰ লগতে থলুৱা প্ৰচেষ্টা তথা প্ৰতিৰক্ষা ৰপ্তানি আদিয়ে বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি হৈ সৰ্বকালৰ সৰ্বাধিক স্তৰত উপনীত হোৱাৰ বাবে সমগ্ৰ দেশকে প্ৰশংসা কৰিছে।
Assamese | July 5, 2024 6:39 PM
২০২৩-২৪ বৰ্ষত প্ৰতিৰক্ষা উৎপাদন মূল্য ভাৰতৰ সৰ্বকালৰ সৰ্বাধিক বৃদ্ধি