September 3, 2026 6:41 PM | sonwal cochari

printer

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ২০২৬ৰ বাবে কেইবাটাও সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ২০২৬ৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাইছে। বৰহোলা পৰিষদীয় সমষ্টি আৰু বজালকটা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। এই তালিকা অনুসৰি বৰহোলা পৰিষদীয় সমষ্টিৰ মুঠ দুহেজাৰ ৯২৫ গৰাকী ভোটাৰৰ ভিতৰত এক হাজাৰ ৪১৮ গৰাকী পুৰুষ আৰু এক হাজাৰ ৫০৭ গৰাকী মহিলা ভোটাৰ আছে। বজালপতা পৰিষদীয় সমষ্টিত মুঠ দুই হাজাৰ ৪৯৪ গৰাকী ভোটাৰৰ ভিতৰত এহেজাৰ ২৮১ গৰাকী মহিলা ভোটাৰ আছে ৷

একেদৰে এই পৰিষদীয় নিৰ্বাচনৰ বাবে গোলাঘাট আৰু দৈয়াং সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। তালিকা অনুসৰি দুয়োটা সমষ্টিত মুঠ ৮ হাজাৰ ৩৭ গৰাকী ভোটাৰ আছে। ইয়াৰে ৩ হাজাৰ ৯০৫ গৰাকী পুৰুষ আৰু ৪ হাজাৰ ১৩২ গৰাকী মহিলা ভোটাৰ। জিলাখনত মুঠ ২০টা ভোটকেন্দ্ৰ থাকিব। প্ৰতিটো সমষ্টিতে ১০টাকৈ ভোট কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে।

অসম ৰাজ্যিক নির্বাচন আয়োগে চূড়ান্ত ভোটাৰ তালিকা গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্যিক নির্বাচন আয়োগৰ ৱেবছাইটত লাভ কৰাৰ ব্যৱস্থা কৰিছে।