September 3, 2026 6:41 PM

views 17

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ২০২৬ৰ বাবে কেইবাটাও সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন ২০২৬ৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাইছে। বৰহোলা পৰিষদীয় সমষ্টি আৰু বজালকটা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। এই তালিকা অনুসৰি বৰহোলা পৰিষদীয় সমষ্টিৰ মুঠ দুহেজাৰ ৯২৫ গৰাকী ভোটাৰৰ ভিতৰত এক হাজাৰ ৪১৮ গৰাকী পুৰুষ আৰু এক হাজাৰ ৫০৭ গৰাকী মহিলা ভোটাৰ আছে। বজালপতা পৰিষদীয় সমষ্টিত মুঠ দুই হাজাৰ ৪৯৪ গৰাকী ভোটাৰৰ ভিতৰত এহেজাৰ ২৮১ গৰাকী মহিলা ভোটাৰ আছে ৷ একেদৰে এই পৰিষদীয় নিৰ্বাচনৰ বাবে গোলাঘাট আৰু দৈয়াং সমষ্টিৰ চূড়ান্ত ভোটা...