ইছলামাবাদে সীমান্তৰ সীপাৰৰ উগ্রপন্থী কার্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিছে। নতুন দিল্লীত সংবাদমাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে সিন্ধু জলচুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে।
তিস্তা নদীৰ উমৈহতীয়া ব্যৱস্থাপনা আৰু পুনৰ উদ্ধাৰ আঁচনি সন্দৰ্ভত শ্রীজয়ছোৱালে কয় যে বাংলাদেশত ভাৰতৰ উন্নয়ন প্রকল্পসমূহ উভয় দেশৰ উমৈহতীয়া সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ৰূপায়ণত গুৰুত্ব দিয়া হৈছে আৰু সময়ে সময়ে এই প্রকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰি থকা হৈছে। তেওঁ কয় যে ভাৰতে তিস্তা নৈ ব্যৱস্থাপনা সন্দৰ্ভত নিজৰ স্থিতি পূর্বেই বাংলাদেশক অবগত কৰিছে।
বাংলাদেশৰ সীমাৰ ভিতৰত তিস্তা নৈ আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে সবিশেষ প্ৰেৰণ কৰা হৈছে। তেওঁ কয়, যে তিস্তা নৈৰ লগত জড়িত সকলো সমস্যা সমাধানৰ বাবে ভাৰত সাজু আছে। ভেনিজুৱেলাৰ পৰা ভাৰতলৈ লৈ অহা এগৰাকী ভাৰতীয় নাৱিকৰ শৰীৰৰ পৰা এটা গুৰুত্বপূর্ণ অংগ নোহোৱা হোৱাৰ সন্দৰ্ভত বিদেশ মন্ত্রালয়ে কয় যে ভাৰতে এই বিষয়টো ভেনিজুৱেলা চৰকাৰক অৱগত কৰিছে। ভাৰতে ভেনিজুবেলা চৰকাৰক এই বিষয়টোৰ এটা নিৰপেক্ষ অনুসন্ধান কৰাৰ বাবে অনুৰোধ জনাইছে বুলিও মন্ত্রালয়ে জানিবলৈ দিছে।