ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTA-এ সামাজিক মাধ্যমত বিয়পি পৰা উৰাবাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যম আৰু আন একাংশ প্লেটফর্মত NEET (UG) ২০২৬ পৰীক্ষাৰ প্ৰশ্নকাকত পুনৰ ফাদিল হোৱা আৰু বিক্ৰীৰ বাতৰি ভিত্তিহীন আৰু ভুৱা বুলি সংস্থাটোৱে স্পষ্টীকৰণ দিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত সংস্থাটোৱে সদৰী কৰে যে সংগঠিত প্ৰতাৰণামূলক চক্ৰই এনে ভুৱা পোষ্টৰ যোগেদি ছাত্র ছাত্ৰী আৰু অভিভাৱকসকলক লক্ষ্য কৰি লৈছে।
সংস্থাটোৱে লগতে দৃঢ়তাৰে উল্লেখ কৰে যে পৰীক্ষা প্রক্রিয়া বর্তমান সম্পূৰ্ণৰূপে অক্ষত অৱস্থাত আছে আৰু নিকাভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সকলোধৰণৰ প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্রহণ কৰা হৈছে। ইতিমধ্যে সংস্থাটোৱে সন্দেহজনক চেনেল, সামাজিক মাধ্যমৰ একাংশ একাউন্টৰ বিৰুদ্ধে সংশ্লিষ্ট প্লেটফৰ্ম আৰু চাইবাৰ-অপৰাধ কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ দাখিল কৰিছে। সংস্থাটোৱে প্রার্থী আৰু অভিভাৱকসকলক ভুৱা বাতৰিত ভুল নাযাবলৈ আৰু দুষ্ট চক্রক ধন পৰিশোধ নকৰিবলৈ পৰামর্শ দিছে। লগতে সংস্থাটোৱে পৰীক্ষা সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আৰু চেনেলৰ জৰিয়তে জাৰি কৰা চৰকাৰী বিবৃতিক অনুসৰণ কৰিবলৈ আহ্বান জনাইছে।