সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা ২৮ জুনত পলিঅ’ দিৱস উদযাপন কৰা হ’ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰে’লৱে ষ্টেচন, বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্রতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ’ প্ৰতিষেধক প্ৰদান কৰিব।
নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সভাপতিত্বত জিলা প্রতিষেধক বিষয়া ডাঃ মুকুট ডেকাই কয়, যে ১৯৯৫ চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত ২০১৪ চনতে সম্পূর্ণ পলিঅ’মুক্ত হৈছে। অৱশ্যে চুবুৰীয়া দেশ পাকিস্তান, আফগানিস্তান আদি এতিয়াও পলিঅ’মুক্ত হ’ব নোৱাৰাৰ বাবে এইবেলি ভাৰততো একেই সময়তে পলিঅ’ প্রতিষেধক দিয়া হ’ব।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পূর্বে পলিঅ’ প্ৰতিষেধক লোৱা বা নোলোৱা সকলো পাঁচ বছৰৰ অনুর্ধ শিশুক সেইদিনা মুক্তমনেৰে পলিঅ’ৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অভিভাৱকৰ প্ৰতি আহ্বান জনায়। তেওঁ কয়, যে ইয়াৰ দ্বাৰা প্ৰত্যেকে নিজে চিন্তামুক্ত হোৱাৰ লগতে সমগ্র বিশ্বকে পলিঅ’মুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
তেওঁ লগতে বৰ্তমান ১৪ বছৰীয়া কিশোৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰি থকা এইচ পি ভি প্রতিষেধক নিশ্চিন্তে গ্রহণ কৰিবলৈ অভিভাৱকসকলৰ প্ৰতি আহ্বান জনাইছে।