June 12, 2026 7:44 PM

views 29

মৰিগাঁৱত অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ’ প্ৰতিষেধকৰ বাবে মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ আন ঠাইৰ লগতে মৰিগাওঁ জিলাতো অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ বাবে মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এই সন্দৰ্ভত মৰিগাওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাৰ ৰাজ্যিক স্বাস্থ্য বিষয়া ডাঃ নগেন শৰ্মাই পাৱাৰ পইণ্ট প্রেজেণ্টেছনৰ সহায়ক অভিযানৰ প্ৰস্তুতিৰ বিষয়ে আভাস দিয়ে। তেওঁ কয় যে জিলাখনত এইবা...

June 5, 2026 7:27 PM

views 46

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা ২৮ জুনত পলিঅ’ দিৱস উদযাপন কৰা হ’ব

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো অহা ২৮ জুনত পলিঅ’ দিৱস উদযাপন কৰা হ’ব। সেইদিনা জিলাখনৰ সকলো চৰকাৰী চিকিৎসালয়ৰ উপৰি ৰে'লৱে ষ্টেচন, বাছ আস্থানৰ উপৰি অধিক জনসমাগম হোৱা ৰাজহুৱা স্থানসমূহত অস্থায়ী প্রতিষেধক কেন্দ্ৰ স্থাপন কৰি পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব। নগাঁও জিলা স্বাস্থ্য সমিতিৰ এখন সভাত আজি জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সভাপতিত্বত জিলা প্রতিষেধক বিষয়া ডাঃ মুকুট ডেকাই কয়, যে ১৯৯৫ চনতে আৰম্ভ হোৱা এই অভিযানৰ ফলত ভাৰত ২০১৪ চনতে সম্পূর্ণ পলিঅ'মুক্ত হৈছে। অৱশ্যে চুবুৰীয়া দেশ পাকিস্তান, আফগানিস্তান আদি ...

October 13, 2025 7:51 PM

views 94

ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাতো ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ এক লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰথমদিনা প্রায় ৬৫ শতাংশ শিশুক পলিঅ' দিয়া হয়। জিলাখনৰ ৩২৮ খন ঠাইত এই কাৰ্যসূচীত এহেজাৰ ৭৮ গৰাকী স্বাস্থ্যকর্মীয়ে ৫১ হাজাৰ ৭২৮ টি শিশুক প্রতিষেধক প্রদান কৰে। জিল...

October 12, 2025 7:12 PM

views 99

ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে আজি ৰাজ্যৰ ২৬ খন জিলাত পলিঅ' দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত ইতিপূৰ্বে পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হয়৷ গোৱালপাৰা জিলাত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিলা প্ৰতিষেধক বিষয়াই জনোৱা মতে, ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ ১ লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। জিলাখনৰ ৯১৯ টা কেন্দ্ৰত আজি প...

October 12, 2025 12:19 PM

views 97

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিবসৰ কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে আজি ৰাজ্যৰ ২৬ খন জিলাত পলিঅ' দিবসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উপৰাষ্ট্ৰীয় প্রতিষেধক প্রদান অভিযানৰ অধীনত ইতিপূর্বে পলিঅ' প্রতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জীৱন ৰক্ষাকাৰী পলিঅ' প্রতিষেধক প্রদান নিশ্চিত কৰাৰ বাবে ৫ বছৰৰ তলৰ সকলো শিশুৰ পিতৃ-মাতৃ আৰু অভিভাৱকক আগবাঢ়ি অহাৰ বাবে আহ্বান জনাইছে। চিৰাং জিলাত আজিৰে পৰা এই প্রতিষেধক প্রদান কৰা হ'ব। ১৪ অক্টোবৰলৈ চলিবলগীয়া এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৪...

December 7, 2024 8:52 PM

views 68

চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যেৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ ৮৮৯টা প্রতিষেধক প্ৰদান কেন্দ্ৰত ডেৰ লাখতকৈও অধিক শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব । একেদৰে চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই অভিযান সফল কৰিবলৈ ...

December 7, 2024 8:02 PM

views 73

পলিঅ’ ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন

পলিঅ' ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যেৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ লগতে জিলাখনৰ মুঠ ৮৮৯টা প্রতিষেধক প্ৰদান কেন্দ্ৰত ডেৰ লাখতকৈও অধিক শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। একেদৰে চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই অভিযান সফল কৰিবলৈ প...

December 5, 2024 9:04 PM

views 58

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ৮ ডিচেম্বৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ দিৱস উদযাপন কৰা হ’ব

দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ অতিৰিক্ত মুখ্য চিকিৎ‍সা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অহা ৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' দিৱস উদযাপন কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনৰ ৫ বছৰ তলৰ এক লাখ ৪০ হাজাৰ ৭১৩টা শিশুক ৮৫৭টা কেন্দ্ৰত প্ৰতিষেধক দিয়া হ'ব। ইতিমধ্যে ৩৪৯ গৰাকী এ এন এম, এহেজাৰ ১০ গৰাকী আশাকর্মী, এহেজাৰ ১১৯ গৰাকী অংগনৱাড়ী কৰ্মী, ২১১ গৰাকী পৰিদৰ্শক আৰু ২৯১ গৰাকী স্বেচ্ছাসেৱকক এই কাৰ্যসূচীত নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে ৮ ডিচেম্বৰত মঙলদৈ অসামৰিক ...