পলিঅ’ ৰোগ নিৰ্মূলৰ উদ্দেশ্যেৰে কাইলৈ অসমৰ ২৭ খন নিৰ্বাচিত জিলাত উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাত এই উদ্দেশ্যেৰে কাইলৈ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু চিকিৎসা বিভাগত পুৱাৰে পৰা প্ৰতিষেধক প্ৰদান কৰা হ’ব। ইয়াৰ লগতে জিলাখনৰ মুঠ ৮৮৯টা প্রতিষেধক প্ৰদান কেন্দ্ৰত ডেৰ লাখতকৈও অধিক শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব । একেদৰে চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব। এই অভিযান সফল কৰিবলৈ প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ চৰাইদেউ স্বাস্থ্য বিভাগে আহ্বান জনাইছে।
Assamese | December 7, 2024 8:52 PM | Assam | Choriedew | Health | Health department | polio Drop
চৰাইদেউ জিলাত ৬০ হাজাৰৰ অধিক শিশুক ৮ৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব