মৰিগাঁৱত অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ’ প্ৰতিষেধকৰ বাবে মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ আন ঠাইৰ লগতে মৰিগাওঁ জিলাতো অহা ২৮ জুনত ৫ বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ’ প্ৰতিষেধক সেৱন কৰোৱাৰ বাবে মৰিগাওঁ জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে।

আজি এই সন্দৰ্ভত মৰিগাওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখন বৈঠকত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়।

বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাৰ ৰাজ্যিক স্বাস্থ্য বিষয়া ডাঃ নগেন শৰ্মাই পাৱাৰ পইণ্ট প্রেজেণ্টেছনৰ সহায়ক অভিযানৰ প্ৰস্তুতিৰ বিষয়ে আভাস দিয়ে। তেওঁ কয় যে জিলাখনত এইবাৰ ১ লাখ ৪১ হাজাৰ ৩৪৫ টি শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হ’ব।