সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীক ৰাজ্য চৰকাৰে হেৰিটেজ ব্লক এণ্ড বেল্টৰ অধীনলৈ অনাৰ সিদ্ধান্ত কাৰ্যকৰী কৰা জিলাখনত আনন্দৰ জোৱাৰ উঠিছে। চৰকাৰে এটা নিৰ্দেশনাযোগে এতিয়াৰে পৰা মাজুলীৰ ভূমি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্ধাৰণ কৰিছে। এই অনুসৰি মাজুলীত যিকোনো লোকে ভূমি ক্রয়-বিক্রয় কৰিব নোৱাৰিব। জিলাখনৰ স্থানীয় বাসিন্দাইহে চর্তসাপেক্ষে এই সুবিধা লাভ কৰিব। বিশেষকৈ তিনিটা প্ৰজন্ম ধৰি মাজুলীত স্থায়ীভাৱে বসবাস কৰি থকা লোকেহে ভূমি ক্রয়-বিক্রয় কৰিব পাৰিব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে। বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপটো হেৰিটেজ ব্লক এণ্ড বেল্টৰ আওটালৈ অনাত বিভিন্ন দল-সংগঠনৰ লগতে মাজুলীৰ বহুকেইগৰাকী সত্ৰাধিকাৰে আদৰণি জনাইছে। আউনীআটীৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে কয়, যে মাজুলী সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, সমন্বয়ৰ পীঠ ভূমি আৰু বহু জনজাতীয় লোকৰ আৱেষ্টনী ক্ষেত্ৰ। চৰকাৰৰ এই সিদ্ধান্তই মাজুলীক সাংস্কৃতিক, সামাজিক আৰু ধর্মীয়ভাৱে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইপিনে কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে মাজুলীৰ চৰ-চাপৰিসমূহো সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
Assamese | July 6, 2025 1:08 PM | Majuli
সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীক ৰাজ্য চৰকাৰে হেৰিটেজ ব্লক এণ্ড বেল্টৰ অধীনলৈ অনাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাত জিলাখনত আনন্দৰ জোৱাৰ