February 16, 2025 12:00 PM | guawahati all india radio

printer

সংবাদ মাধ্যমৰ ধামখুমিয়াৰ মাজতো ৰেডিঅ’ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে বুলি শ্রোতাৰ মন্তব্য

সংবাদ মাধ্যমৰ ধামখুমিয়াৰ মাজতো ৰেডিঅ’ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে। ৰেডিঅ’ৰ বাতৰি সত্য, নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য হোৱা বাবেই অগণন শ্রোতাই এতিয়াও এই বাতৰিৰ প্ৰতি আস্থা ৰাখি আহিছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত ম‍ই ৰেডিঅ’ কিয় শুনো শীৰ্ষক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু কেইবাগৰাকীও শ্রোতাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয়, যে ৰেডিঅ’ৰ বাতৰি আৰু অনুষ্ঠানৰ মান এতিয়াও অক্ষুণ্ণ আছে আৰু ভৱিষ্যতেও এই মান বর্তি থাকিব বুলি তেওঁলোকে আশা প্রকাশ কৰে। কেইবাগৰাকীও শ্রোতাই তেওঁলোকৰ ৰেডিঅ’ শুনাৰ দীৰ্ঘদিনীয়া অভ্যাস সম্পর্কে জানিবলৈ দিয়ে। এই অনুষ্ঠানত ৰেডিঅ’ই জীৱনৰ এচোৱা সময়ত কেনেদৰে প্ৰভাৱ পেলাইছিল সেই সন্দৰ্ভত আলোচনাপন্থী আলফাৰ প্ৰাক্তন বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে এইদৰে কয়
অনুষ্ঠানটোৰ পৰিকল্পনা-প্রযোজনা আৰু উপস্থাপন আছিল ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাতো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভিন্নজনৰ মতামত আগবঢ়াব।