February 16, 2025 12:00 PM

views 38

সংবাদ মাধ্যমৰ ধামখুমিয়াৰ মাজতো ৰেডিঅ’ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে বুলি শ্রোতাৰ মন্তব্য

সংবাদ মাধ্যমৰ ধামখুমিয়াৰ মাজতো ৰেডিঅ'ই স্বকীয়তা বৰ্তাই ৰাখি অনন্য ৰূপত অনুষ্ঠান প্ৰচাৰ কৰি আছে। ৰেডিঅ'ৰ বাতৰি সত্য, নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য হোৱা বাবেই অগণন শ্রোতাই এতিয়াও এই বাতৰিৰ প্ৰতি আস্থা ৰাখি আহিছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত ম‍ই ৰেডিঅ' কিয় শুনো শীৰ্ষক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু কেইবাগৰাকীও শ্রোতাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁলোকে কয়, যে ৰেডিঅ'ৰ বাতৰি আৰু অনুষ্ঠানৰ মান এতিয়াও অক্ষুণ্ণ আছে আৰু ভৱিষ্যতেও এই মান বর্তি থাকিব বুলি তেওঁ...

November 11, 2024 6:36 PM

views 18

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী

কাইলৈ ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস উপলক্ষে আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ চৌহদত থকা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহে প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বঁটা প্ৰদান কৰা হয়। আকাশবাণী ডিব্ৰুগড় কেন্দ্রই প্রথম স্থান লাভ কৰাৰ লগতে আকাশবাণী ইম্ফলে দ্বিতীয় আৰু পাছিঘাটে তৃতীয় স্থান অৰ্জন কৰে। আকাশবাণী কেন্দ্ৰসমূহৰ অনুষ্ঠান কাৰ্যবাহী আৰু অন্যান্য...