August 14, 2026 7:58 PM | Sasipatar puthi

printer

শেহতীয়া বানত ক্ষতি হোৱা সাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগ গ্ৰহণ

উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা সাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি বানে ক্ষতি কৰা সাঁচিপতীয়া পুথিসমূহ পুনৰ উদ্ধাৰ কৰি বিজ্ঞান সন্মত পদ্ধতিৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেইসমূহ সংৰক্ষণৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। সেয়েহে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ অনুষ্ঠান-প্ৰতিষ্ঠান অথবা ব্যক্তি বিশেষৰ হাতত থকা যিসমূহ সাঁচিপতীয়া পুথিৰ ক্ষতিসাধন হৈছে, সেই পুথিসমূহ কলাক্ষেত্র সমাজে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কলাক্ষেত্র সমাজে বিশেষজ্ঞৰ জৰিয়তে প্রয়োজনীয় বিজ্ঞানসন্মত ব্যৱস্থাৰ মাধ্যমেৰে সংৰক্ষণৰ দিহা কৰিব আৰু সংশ্লিষ্ট পক্ষই বিচাৰিলে পুথিসমূহ ঘূৰাই দিব বুলি প্ৰকাশ কৰিছে। ইপিনে পুনৰ উদ্ধাৰ কৰা পুথিসমূহ সংশ্লিষ্ট পক্ষই কলাক্ষেত্ৰলৈ আগবঢ়াব বিচাৰিলে তেনে পুথিসমূহ কলাক্ষেত্র সমাজে কাইকভাৱে সংৰক্ষণৰ দায়িত্ব বহন কৰিব। এই বিষয়ত সংশ্লিষ্ট পক্ষই- সচিব, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজ, পাঞ্জাবাৰী, গুৱাহাটীৰ ঠিকনাত যোগাযোগ কৰাৰ লগতে ৯৪০১৮-০১৩৭৪/৮০১১০-৫০৮৯৭ নম্বৰলৈ ফোন কৰিব পাৰিব ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।