August 14, 2026 7:58 PM

views 20

শেহতীয়া বানত ক্ষতি হোৱা সাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগ গ্ৰহণ

উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়া বানত ক্ষতি হোৱা সাঁচিপতীয়া পুথিসমূহৰ পুনৰ উদ্ধাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে উদ্যোগ গ্ৰহণ কৰিছে। সেই অনুসৰি বানে ক্ষতি কৰা সাঁচিপতীয়া পুথিসমূহ পুনৰ উদ্ধাৰ কৰি বিজ্ঞান সন্মত পদ্ধতিৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সেইসমূহ সংৰক্ষণৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। সেয়েহে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ অনুষ্ঠান-প্ৰতিষ্ঠান অথবা ব্যক্তি বিশেষৰ হাতত থকা যিসমূহ সাঁচিপতীয়া পুথিৰ ক্ষতিসাধন হৈছে, সেই পুথিসমূহ কলাক্ষেত্র সমাজে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ...