শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পাণবেচা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্রুতগতিত নিষ্কাষণ কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্রশাসনে ব্যৱস্থা গ্রহণ কৰিছে। আৱদ্ধ পানী নিষ্কাষণৰ গতি অধিক তৃৰান্বিত কৰাৰ লক্ষ্যৰে অ’ এন জি চি আৰু জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰৰ জৰিয়তে দিনে-নিশাই পানী নিষ্কাষণৰ কাম অব্যাহত আছে।
ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বৰাই বিগত চাৰিদিন ধৰি শিৱসাগৰৰ সমীপৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিদিলোহি মুইচ গেটত চলি থকা পানী নিষ্কাষণ কাৰ্য তদাৰক কৰি আছে। ৰাজ্যৰ জলসম্পদ মন্ত্রী সুশান্ত বৰগোঁহাই আৰু বিভাগীয় বিষয়া-কর্মচাৰী তথা স্থানীয় ৰাইজে মন্ত্ৰী বৰাক সহযোগ আগবঢ়াইছে। বানৰ পানী বন্ধ হৈ থকা শান্তিপুৰ অঞ্চলতো মন্ত্ৰী বৰাই কালি পানী নিষ্কাষণ প্রক্রিয়া পর্যবেক্ষণ কৰে। উল্লেখযোগ্য যে শিৱসাগৰৰ এই অঞ্চলত তিনিটা যন্ত্ৰৰ সহায়েৰে ৬৫ হাজাৰ লিটাৰ পানী প্রতি মিনিটত নিষ্কাষণ কৰি আছে। কালি পুনৰ এটা যন্ত্র স্থাপনৰ জৰিয়তে মুঠ ১ লাখ লিটাৰ পানী প্রতি মিনিটত নিষ্কাষণৰ ব্যৱস্থা কৰা হয়। দ্রুত গতিত পানী নিষ্কাষণ কৰি বান পৰিস্থিতিৰ উন্নতি সাধসনৰ লক্ষ্যৰে পানী নিষ্কাষণৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ আয়োগ আৰু জলসম্পদ বিভাগৰ মুঠ চাৰিটা যন্ত্ৰৰ সহায়ত পানী নিষ্কাষণৰ কাম এতিয়াও অব্যাহত আছে।