August 6, 2026 7:51 PM

views 14

শিৱসাগৰত আৱদ্ধ পানী নিষ্কাষণৰ গতি অধিক তৃৰান্বিত কৰাৰ বাবে কাম অব্যাহত

শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পাণবেচা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্রুতগতিত নিষ্কাষণ কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্রশাসনে ব্যৱস্থা গ্রহণ কৰিছে। আৱদ্ধ পানী নিষ্কাষণৰ গতি অধিক তৃৰান্বিত কৰাৰ লক্ষ্যৰে অ' এন জি চি আৰু জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰৰ জৰিয়তে দিনে-নিশাই পানী নিষ্কাষণৰ কাম অব্যাহত আছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্রী বিমল বৰাই বিগত চাৰিদিন ধৰি শিৱসাগৰ...