শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত অহা ৭ জানুৱাৰীত ধেমাজিত হ’বলগীয়া প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সেইদিনা সমষ্টিটোৰ ৩২ হাজাৰৰো অধিক উদ্যমী মহিলাৰ মাজত আঁচনিখনৰ অধীনত চেক বিতৰণ কৰিব। মন্ত্ৰীগৰাকীয়ে কালি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ২ নম্বৰ বৈজন্তীপুৰ ৱাৰ্ডৰ ৰাইজৰ সৈতে অঞ্চলটোৰ বান সমস্যা সম্পৰ্কে আলোচনা কৰে। প্ৰতি বছৰে এই অঞ্চলটোত চিলনী, গেৰমেৰ আৰু তৰাজান নৈৰ বাঢ়নী পানীয়ে কৰা ক্ষয়-ক্ষতি সম্পর্কে মন্ত্ৰীগৰাকীয়ে বুজ লয়। মন্ত্ৰীগৰাকীয়ে লোক-নির্মাণ পথ বিভাগৰ লগতে অন্যান্য বিভাগীয় বিষয়াসকলৰ সৈতে বানৰ পাছত হোৱা আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতি পূৰণৰ বিষয়ে আলোচনা কৰে ।
ডাঃ পেগুৱে কালি ধেমাজি জিলাৰ গোগামুখত এইচ ডি এফ চি বেংকৰ কোম্পানী সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গোগামুখ চিকিৎসালয় উন্নীতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয়, যে এই প্রকল্পই অঞ্চলটোৰ প্ৰাথমিক আৰু সমূহীয়া স্বাস্থ্য ব্যৱস্থা সুদৃঢ় কৰিব। তেওঁ লগতে অঞ্চলটোৰ জনস্বাস্থ্যৰ উন্নয়ন আৰু মানৱ কল্যাণৰ দিশত অমূল্য অৱদান আগবঢ়োৱাৰ বাবে গ্ৰাম্য উন্নয়ন ন্যাস আৰু এইচ ডি এফ চি বেংকক ধন্যবাদ জ্ঞাপন কৰে।
Assamese | January 4, 2026 8:38 AM | Dr Ranoj Pegu Meet Dhemaji Baijayantipur people
শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়