September 9, 2026 7:59 PM | Education Year

printer

শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ বাবে নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি

ৰাজ্যৰ কেইবাখনো জিলাত বানৰ বাবে ব্যাহত হোৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা অহা বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমত এই ঘোষণা কৰে। এটা বার্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে শেহতীয়া বানপানীয়ে কেইখনমান জিলাত সৃষ্টি কৰা ব্যাঘাত আৰু চলি থকা লোকপিয়লৰ কাম-কাজৰ পৰিপ্ৰেক্ষিতত দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২২ ফেব্ৰুৱাৰী ২০২৭ লৈ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান ৮ মার্চ ২০২৭ লৈ অব্যাহত থাকিব। সেই অনুসৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নির্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰে। পাঠদানৰ এই নতুন সময়সীমাৰ সৈতে সংগতি ৰাখি পৰৱৰ্তী সময়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী নির্ধাৰণ কৰা হ’ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ কেইবাখনো জিলাত বানপানীৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰাখিবলগীয়া হোৱা আৰু লোকপিয়লৰ কামত শিক্ষক কর্মচাৰীসকল নিয়োজিত হৈ থকাৰ বাবে যাতে ছাত্ৰ-ছাত্ৰীসকলৰ কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে শিক্ষা বিভাগে এই সিদ্ধান্ত গ্রহণ কৰিছে।