প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শনিবাৰে ভূমিস্খলন প্রভাৱিত কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কন্ন’ড় আৰু ৱায়নাডত প্ৰস্তুতি অব্যাহত থকাৰ লগতে আজি এখন নিৰাপত্তা বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্রীয়ে ভূমিস্খলন প্রভাৱিত এলেকাত বিমানেৰে নিৰীক্ষণ চলাব। উল্লেখযোগ্য যে কেৰালা আৰু কৰ্ণাটকত নিয়োজিত সেনা বাহিনীৰ ৫০০তকৈও অধিক জোৱানক ৱায়নাডৰ পৰা ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিনে, ৱায়নাডত নতুনকৈ নির্মিত বেইলী দলং শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে আৰু হেলিকপ্তাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ বাবে ৱায়নাডত এটা সৰু দল আৰু কিছুদিনৰ বাবে ৰখা হ’ব।
Assamese | August 8, 2024 2:10 PM | narendra modi | PMO India
শনিবাৰে প্রধানমন্ত্ৰী মোদীয়ে ভূমিস্খলন প্রভাৱিত কেৰালাৰ ৱায়নাড ভ্ৰমণ কৰিব