July 31, 2026 10:17 PM | pm ssy

printer

শক্তি ভাণ্ডাৰ ব্যৱস্থাৰ সৈতে ওপঙা সৌৰ শক্তিচালিত বিদ্যুৎ উৎপাদন প্রকল্প বিকশাই তোলাৰ বাবে প্রধানমন্ত্ৰী সূৰ্য্য সৰোবৰ প্ৰকল্পত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই শক্তি ভাণ্ডাৰ ব্যৱস্থাৰ সৈতে ওপঙা সৌৰ শক্তি চালিত বিদ্যুৎ উৎপাদন প্রকল্প বিকশাই তোলাৰ বাবে প্রধানমন্ত্ৰী সূৰ্য্য সৰোবৰ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে এই আঁচনিখনৰ বাবে মুঠ ৫ হাজাৰ ৭০ কোটি টকাৰ আৱণ্টন দিয়া হৈছে।

 তেওঁ কয়, যে এই আঁচনিৰ অধীনত ৫ হাজাৰ মেগাৱাটৰ ওপঙা সৌৰ শক্তি চালিত বিদ্যুৎ উৎপাদন প্রকল্প বিকশাই তোলা হ’ব। এই প্ৰকল্পৰ সৈতে জড়িত শক্তি ভাণ্ডাৰ প্ৰণালীৰ ন্যূনতম মজুত ক্ষমতা দুঘণ্টা আৰু মুঠ শক্তি ভাণ্ডাৰ ক্ষমতা ১০ হাজাৰ মেগাৱাট হ’ব। শ্রীবৈষ্ণৱে কয় যে ইয়াৰ বাবে অতিৰিক্ত ভূমি অধিগ্ৰহণৰ প্ৰয়োজন নাই। ইয়াৰ জৰিয়তে জলাশয়, খাল-বিল, আৰু ঔদ্যোগিক পুখুৰীসমূহৰ উপযুক্ত ব্যৱহাৰ কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে। এই আঁচনিখন ৫ বছৰৰ বাবে কার্যক্ষম হ’ব।